💚Part-408(37:14-34)As-Sãffãt (The Arrangers)
✔️Part-408(37:14-34)As-Sãffãt (The Arrangers)
___''(৩৭-ছুৰা আছ-ছাফ্ফাত-মুঠ আয়াত-১৮২)__
__"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__
✔️Video- https://youtu.be/cX_bqYcInh8
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
মিনি সূচিঃPart-408(37:14-34)As-Sãffãt
৩৭:১৫(যাদু মানে প্ৰতাৰণা, ছলনা। যিয়েই কোৰআনৰ ৱহীক যাদু বুলি কয় বা ইয়াৰ ওপৰত সন্দেহৰ প্ৰশ্ন তুলে সেইসকলেই কুফুৰ কৰে অৰ্থাৎ কোৰআন মানিব নিবিচৰা মানুহৰূপী চয়তান (১১৪:৪-৬):টোকা চাওঁক)
৩৭:২৩[হিদায়ৎ ভাললৈও হ'ব পাৰে বেয়ালৈও হ'ব পাৰে (সিহঁতক জাহান্নামৰ পথ(ه د ى)দেখুৱাই দিয়া]
৩৭:২৭(LEADERS AND FOLLOWERS BLAME EACH OTHER)
৩৭:৩৫(The First Commandment-When they were told, "Laa Elaaha Ella Allah)
.___________________________________________
🟪৩৭:১৪
وَإِذَا رَأَوْا آيَةً يَسْتَسْخِرُونَ
আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।
.___________________________________________
🟪৩৭:১৫
وَقَالُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু কয়, ‘এইটো দেখোন সুস্পষ্ট যাদুৰ🔺 বাহিৰে আন একো নহয়।
.
✍️Note-ref🔺
[যাদু মানে প্ৰতাৰণা, ছলনা। যিয়েই কোৰআনৰ ৱহীক যাদু বুলি কয় বা ইয়াৰ ওপৰত সন্দেহৰ প্ৰশ্ন তুলে সৈইসকলেই যিসকলে কুফুৰ কৰে অৰ্থাৎ কোৰআন মানিব নিবিচৰা মানুহৰূপী চয়তান
-৩৭:১১-১৫(১১৪:৪-৬):
(চাওঁক: ১০:২, ১১:৭, ২৮:৪৮, ৩৭: ১৫, ৩৮:৪, ৪৩:৩০, ৪৬:৭)]
.___________________________________________
🟪৩৭:১৬
أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَبْعُوثُونَ
‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে?
.
✍️Verse/note(16-17):
37:16/17. “How is it possible that we would be raised again after we die; and that our flesh
and blood would be turned into dust and only the bones of the skeleton would remain? And
not only us! Even our forefathers (who died centuries ago)? (36:78; 75:3)pz.
(৩৬:৭৮-৭৯
وَضَرَبَ لَنَا مَثَلًا وَنَسِيَ خَلْقَهُ ۖ قَالَ مَنْ يُحْيِي الْعِظَامَ وَهِيَ رَمِيمٌ
আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘অস্থিৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?
৩৬:৭৯
قُلْ يُحْيِيهَا الَّذِي أَنْشَأَهَا أَوَّلَ مَرَّةٍ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ
কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।
.
৭৫:৩-৪
أَيَحْسَبُ الْإِنْسَانُ أَلَّنْ نَجْمَعَ عِظَامَهُ
মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
৭৫:৪
بَلَىٰ قَادِرِينَ عَلَىٰ أَنْ نُسَوِّيَ بَنَانَهُ
কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।)
.___________________________________________
🟪৩৭:১৭
أَوَآبَاؤُنَا الْأَوَّلُونَ
‘আৰু আমাৰ পিতৃ-পুৰুষ সকলকো’?
(refs. see 16)
.___________________________________________
🟪৩৭:১৮
قُلْ نَعَمْ وَأَنْتُمْ دَاخِرُونَ
কোৱা, ‘হয়, আৰু তোমালোক হ’বা লাঞ্ছিত’।
.
✍️Ap-refs:
২৭:৮৭
وَيَوْمَ يُنْفَخُ فِي الصُّورِ فَفَزِعَ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ إِلَّا مَنْ شَاءَ اللَّهُ ۚ وَكُلٌّ أَتَوْهُ دَاخِرِينَ
আৰু যিদিনা শিঙাত ফুঁ দিয়া হ’ব, সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব, কিন্তু আল্লাহে যিসকলক ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে, আৰু সকলোৱে তেওঁৰ ওচৰত হীন অৱস্থাত উপস্থিত হ’ব।
.
৪০:৬০
وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ ۚ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
.___________________________________________
🟪৩৭:১৯
فَإِنَّمَا هِيَ زَجْرَةٌ وَاحِدَةٌ فَإِذَا هُمْ يَنْظُرُونَ
এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।
.___________________________________________
🟪৩৭:২০
وَقَالُوا يَا وَيْلَنَا هَٰذَا يَوْمُ الدِّينِ
আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটো দেখোন প্ৰতিদান দিৱস’।
.___________________________________________
🟪৩৭:২১
هَٰذَا يَوْمُ الْفَصْلِ الَّذِي كُنْتُمْ بِهِ تُكَذِّبُونَ
এইটোৱেই ফয়চালাৰ দিন*, যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা।
.
✍️BB-ref:(77:38)
.___________________________________________
🟪৩৭:২২
۞ احْشُرُوا الَّذِينَ ظَلَمُوا وَأَزْوَاجَهُمْ وَمَا كَانُوا يَعْبُدُونَ
(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল,
.___________________________________________
🟪৩৭:২৩
مِنْ دُونِ اللَّهِ فَاهْدُوهُمْ إِلَىٰ صِرَاطِ الْجَحِيمِ
আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ
পথ(ه د ى) দেখুৱাই দিয়া,
.
✍️Verse/note:
37:23 Besides God, and lead them onto the path to the Blazing fire.
Note:
Azwaajin 37:22 = Companions
.
✍️Ap-refs:
১৭:৯৭
وَمَنْ يَهْدِ اللَّهُ فَهُوَ الْمُهْتَدِ ۖ وَمَنْ يُضْلِلْ فَلَنْ تَجِدَ لَهُمْ أَوْلِيَاءَ مِنْ دُونِهِ ۖ وَنَحْشُرُهُمْ يَوْمَ الْقِيَامَةِ عَلَىٰ وُجُوهِهِمْ عُمْيًا وَبُكْمًا وَصُمًّا ۖ مَأْوَاهُمْ جَهَنَّمُ ۖ كُلَّمَا خَبَتْ زِدْنَاهُمْ سَعِيرًا
আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবুৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।
.___________________________________________
🟪৩৭:২৪
وَقِفُوهُمْ ۖ إِنَّهُمْ مَسْئُولُونَ
‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।
.___________________________________________
🟪৩৭:২৫
مَا لَكُمْ لَا تَنَاصَرُونَ
‘কি হ’ল তোমালোকৰ, তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই এতিয়া’?
.___________________________________________
🟪৩৭:২৬
بَلْ هُمُ الْيَوْمَ مُسْتَسْلِمُونَ
প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী।
.___________________________________________
🟪৩৭:২৭(LEADERS AND FOLLOWERS BLAME EACH OTHER)
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ
আৰু সিহঁতে ইজনে সিজনৰ মুখা-মুখি হৈ সোধ-পোছ কৰিব,
.
✍️Ap-refs:
৪০:৪৭-৪৮
وَإِذْ يَتَحَاجُّونَ فِي النَّارِ فَيَقُولُ الضُّعَفَاءُ لِلَّذِينَ اسْتَكْبَرُوا إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنْتُمْ مُغْنُونَ عَنَّا نَصِيبًا مِنَ النَّارِ
আৰু যেতিয়া সিহঁতে জাহান্নামত পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলো, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?
৪০:৪৮
قَالَ الَّذِينَ اسْتَكْبَرُوا إِنَّا كُلٌّ فِيهَا إِنَّ اللَّهَ قَدْ حَكَمَ بَيْنَ الْعِبَادِ
অহংকাৰীবিলাকে ক’ব, ‘নিশ্চয় আমি সকলোৱে ইয়াতেই আছো, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।
.
৩৪:৩১-৩৩
وَقَالَ الَّذِينَ كَفَرُوا لَنْ نُؤْمِنَ بِهَٰذَا الْقُرْآنِ وَلَا بِالَّذِي بَيْنَ يَدَيْهِ ۗ وَلَوْ تَرَىٰ إِذِ الظَّالِمُونَ مَوْقُوفُونَ عِنْدَ رَبِّهِمْ يَرْجِعُ بَعْضُهُمْ إِلَىٰ بَعْضٍ الْقَوْلَ يَقُولُ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا لَوْلَا أَنْتُمْ لَكُنَّا مُؤْمِنِينَ
যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ’। হায়! যদি তুমি দেখিলাহেঁতেন যালিমসকলক, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভৱা হৈছিল, সিহঁতে অহংকাৰী বিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি অৱশ্যে মুমিন হ’লোহেঁতেন!’
৩৪:৩২
قَالَ الَّذِينَ اسْتَكْبَرُوا لِلَّذِينَ اسْتُضْعِفُوا أَنَحْنُ صَدَدْنَاكُمْ عَنِ الْهُدَىٰ بَعْدَ إِذْ جَاءَكُمْ ۖ بَلْ كُنْتُمْ مُجْرِمِينَ
যিসকল অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখাবিলাকক ক’ব, ‘তোমালোকৰ ওচৰত হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলো নে? বৰং তোমালোকহে অপৰাধী আছিলা’।
৩৪:৩৩
وَقَالَ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا بَلْ مَكْرُ اللَّيْلِ وَالنَّهَارِ إِذْ تَأْمُرُونَنَا أَنْ نَكْفُرَ بِاللَّهِ وَنَجْعَلَ لَهُ أَنْدَادًا ۚ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ وَجَعَلْنَا الْأَغْلَالَ فِي أَعْنَاقِ الَّذِينَ كَفَرُوا ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰীবিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
.___________________________________________
🟪৩৭:২৮
قَالُوا إِنَّكُمْ كُنْتُمْ تَأْتُونَنَا عَنِ الْيَمِينِ
সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকেই আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।
.
✍️ Verse/note:
37:28 They said, "You used to entice us from the right side."
Note.
The worst deception is the one done under the name of God and good causes. Religious leaders and politicians usually deceive people by approaching them through the "right" side. They sell lies in the name of God, they promote aggression, pre-emptive wars and corruption in the name of "patriotism," "liberty," or "our way of life." See 20:63.(edip).
(Google translate no guarantee:
আটাইতকৈ বেয়া প্ৰতাৰণা হ’ল আল্লাহ আৰু ভাল কামৰ নামত কৰা প্ৰতাৰণা। ধৰ্মগুৰু আৰু ৰাজনীতিবিদসকলে সাধাৰণতে "সোঁ" পক্ষৰ মাজেৰে মানুহক তেওঁলোকৰ ওচৰলৈ গৈ প্ৰতাৰণা কৰে। আল্লাহৰ নামত মিছা কথা বিক্ৰী কৰে, "দেশপ্ৰেম", "স্বাধীনতা" বা "আমাৰ জীৱনশৈলী"ৰ নামত আক্ৰমণাত্মকতা, পূৰ্ব-নিৰ্ধাৰিত যুদ্ধ আৰু দুৰ্নীতিৰ প্ৰচাৰ কৰে। ২০:৬৩ চাওক।
(২০:৬৩
قَالُوا إِنْ هَٰذَانِ لَسَاحِرَانِ يُرِيدَانِ أَنْ يُخْرِجَاكُمْ مِنْ أَرْضِكُمْ بِسِحْرِهِمَا وَيَذْهَبَا بِطَرِيقَتِكُمُ الْمُثْلَىٰ
সিহঁতে ক’লে, ‘এই দুজন নিশ্চয় যাদুকৰ, সিহঁতে সিহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।)
.___________________________________________
🟪৩৭:২৯
قَالُوا بَلْ لَمْ تَكُونُوا مُؤْمِنِينَ
সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা,
.___________________________________________
🟪৩৭:৩০
وَمَا كَانَ لَنَا عَلَيْكُمْ مِنْ سُلْطَانٍ ۖ بَلْ كُنْتُمْ قَوْمًا طَاغِينَ
‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।
.___________________________________________
🟪৩৭:৩১
فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَا ۖ إِنَّا لَذَائِقُونَ
‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম।
.___________________________________________
🟪৩৭:৩২
فَأَغْوَيْنَاكُمْ إِنَّا كُنَّا غَاوِينَ
‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলো, কাৰণ আমি নিজেও আছিলো বিভ্ৰান্ত’।
.
✍️Verse/ref:
37:32 So then, [if it be true that] we have caused you to err grievously - behold, we ourselves had been lost in grievous error!"
Note.
For an explanation see 28:62 and the corresponding notes.(as).
(২৮:৬২
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
(find verse/notes-Press link:
.___________________________________________
🟪৩৭:৩৩
فَإِنَّهُمْ يَوْمَئِذٍ فِي الْعَذَابِ مُشْتَرِكُونَ
তাৰ পিছত নিশ্চয় সিহঁত আটায়ে সেইদিনা শাস্তিত অংশীদাৰ হ’ব।
.
✍️Verse/note:
37:33. So on that Day, all the leaders and their followers will share a common suffering (14:21; 33:67; 34:32; 40:47).pz.
.___________________________________________
🟪৩৭:৩৪
إِنَّا كَذَٰلِكَ نَفْعَلُ بِالْمُجْرِمِينَ
নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰো।
.___________________________________________
WORD BY WORD MEANING:BB:
[37:14] And (Wa) whenever (Izaa) they see (Ra'aw') a sign (Aayatan), they ridicule (Yas'tas'khiruun).
[37:15] And (Wa) they say (Qaaluu'), "This (Haaza) is (In' illa) clear (Mubiin) sorcery (Sih'run)!
[37:16] "When (A'izaa) we die (Mit'na) and (Wa) become (Kunna) dust (Turaaban) and bones (Ezoaman); we will indeed (A'inna) be (La) resurrected (Mab'uuthuun)?
[37:17] “As well as (Awa) our forefathers (Aabaaunal' Awwaluun)?"
[37:18] Say (Qul'): "Yes (Naåm'), you (Antum') will be piled up (Daakhiruun).”
[37:19] And (Fa) it (Hiya) will only (Innama) be a single (Waahidatun) rebuke (Zaj'ratun), and (Fa) then (Izaa) they (Hum') will be looking (Yanzuruun).
[37:20] And (Wa) they will say (Qaalu'), "Woe to us! (Yaa Wai'lanaa); this (Haazaa) is the Day of Judgement (Yaw'mu Ed'Diin)."
[37:21] This (Haaza) is the Day of Decisiveness (77:38) (Yaw'mul' Fas'li) which (-hi) you have (Kuntum) denied (Tukazzibuun Bi-).
[37:22] Those who (Ellaziina) transgressed (Zolamu') will be assembled (Eh'shuru') with (Wa) their spouses
(Az'waaja-hum’), as well as (Wa) those (Wamaa) they used to (Kaanu') worship (Ya'buduun)
[37:23] besides GOD (Min Duuni-llahi), for (Fa) they led them (Eh'duu-hum) to (ilaa) the path (Siraati) of
Hell (El'Jahiim).
[37:24] "Stop them (Waqifuu-hum)! Indeed, they (Innahum) must be questioned (Mas'uuluun).”
[37:25] “Why do you (Maa Lakum) not (Laa) help each other (Tanaasoruun)?”
[37:26] In fact (Bal'), they (Humu) will be submitting (Mus'tas'limuun) on that day (El'Yaw'ma).
[37:27] And (Wa) they will engage in (Aq'bala Ålaa) questioning (Yatasaa'aluun) each other (Ba'du-hum’ Ba'din).
[37:28] They will say (Qaaluu'), "Indeed, you (Innakum) used to (Kuntum) come to us (Ta'tuunanaa) from
the right side (Ånil' Yamiin)."
[37:29] They (the Idolized) will say (Qaalu'), "Rather (Bal), you were (Takuunu') not (Lam) believers (Mu'miniin),
[37:30] we did not have (Maa Kaana Lanaa) any (Min) authority (Sul'toani) over you (Ålai'kum); in fact
(Bal'), you were (Kuntum) a transgressing (Toagiin) people (Qaw'man).
[37:31] "So (Fa) the word (Qaw'lu) of our LORD (Rabbi-naa) has been imposed on us (Haqqa Ålai'naa). Indeed (Innaa), we will (La) taste (Zaa’iquuna),
[37:32] since (Fa) we misled you (Ag'wai'naa-kum); indeed (Innaa) we were (Kunnaa) misleaders (Gaawiin)."
[37:33] And (Fa) indeed, they (Innahum) will be participating (Mush'tarikuun) in (Fii) the punishment (El'Åzaabi) on that day (Yaw'maizin).
[37:34] Indeed (Inna), likewise (Kazaalika) will We deal with (Naf'ålu Bi) the criminals (El'Muj'rimiin).
.___________________________________________
jiaulhussain(syedraf) #muktabulhussain
Progress ~
Approx.(maybe reduced)Pages~3,052 nos.
.___________________________________________
.___________________________________________
Comments
Post a Comment